ছচিয়েল মিডিয়াৰ প্ৰভাৱ;ককা-আইতাৰ ওঁঠত বিৰিঙি উঠিল হাঁহি,’বাবা কা ধাবা’ত পুৱাৰ পৰাই গ্ৰাহকৰ দীঘলীয়া শাৰী

0 127

ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল এহাল বৃদ্ধ দম্পতি।এটা ভিডিঅ’ত বৃদ্ধ দম্পতিটোৱে কৈছিল যে, তেওঁলোকে মালবীয় নগৰত নগৰত এখন ধাবা চলায়। কিন্তু ধাবাখনলৈ নাহে গ্ৰাহক। ৰন্ধা খাদ্যখিনিও বিক্ৰি নোহোৱাৰ বাবে আনকি চকুপানী টুকিছিল দম্পতিহালে।ইয়াৰ পাছতে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছিল দম্পতিহালৰ দুৰ্দশাৰ কাহিনী।


ইয়াৰ পিছতে দেশৰ বহুকেইজন ইউটিউবাৰে আৰম্ভ কৰিলে এক কেম্পেইন। এই কেম্পেইনৰ পাছতেই ‘বাবা কা ধাবা’ত দেখিবলৈ পোৱা গ’ল গ্ৰাহকৰ দীঘলীয়া শাৰী। হঠাত্‍ অহা এনে পৰিৱৰ্তন দেখি মুখত হাঁহি ওলাই গ’ল বৃদ্ধ দম্পতিটোৰ।শুকুৰবাৰৰ দিনটোত ও অব্যাহত থাকে অনুৰূপ দৃশ্য।

ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ধাবাখনত উপস্থিত হয় আম আদমী পাৰ্টীৰ বিধায়ক সোমনাথ ভাৰতী আৰু চৰকাৰে অনাগত দিনত বৃদ্ধ দম্পতিটোক চোৱা-চিটা কৰাৰ আশ্বাস দিয়ে।

media school
Leave A Reply

Your email address will not be published.