ভাৰত-চীন সীমান্তত ৬০হেজাৰ চীনা সৈন্য মোতায়ন

0 655

সীমা বিবাদক কেন্দ্ৰ কৰি ভাৰত-চীনৰ মাজত অব্যাহত আছে সংঘাত।তাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিৱৰ এক বিস্ফোৰক মন্তব্যই এতিয়া তোলপাৰ লগাইছে ভাৰতবৰ্ষত।ভাৰতৰ উত্তৰ প্রান্তৰ সীমান্ত বিশেষকৈ লাডাখৰ এল এ চিত ৬০ হাজাৰতকৈ অধিক চীনা সৈন্য মোতায়েন হৈ থকা বুলি বিস্ফোৰক মন্তব্য কৰি বেইজিঙক সকীয়নি দিয়ে আমেৰিকা যুক্তৰাষ্ট্রৰ বৈদেশিক সচিব মাইক পম্পি’ই৷

ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্রেলিয়াৰ সন্মিলিত ‘কোৱাড’ গোষ্ঠীৰ বৈঠকত অংশগ্রহণ কৰি দেশলৈ ওভতাৰ পথত সাংবাদিকৰ সৈতে বার্তালাপত মার্কিন বৈদেশিক সচিব পম্পি’ই চীনৰ সীমান্তত আগ্রাসনক লৈ উদ্বেগ প্রকাশ কৰে৷ টিভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত মার্কিন সচিবগৰাকীয়ে কয় যে বিশ্বৰ চাৰি গণতান্ত্রিক আৰু অর্থনৈতিক শক্তিশালী দেশৰ গঠিত গোষ্ঠী ‘কোৱাড’৷ এই চাৰি দেশৰ বাবেই চীনৰ কমিউনিষ্ট পার্টীৰ আচৰণ ক্রমশঃ বিপদ হিচাপে প্রত্যক্ষ কৰা হৈছে৷ লাডাখৰ সমীপৱর্তী দক্ষিণ চীন সাগৰত চীনা নৌবাহিনীৰ আগ্রাসনৰ বিপদ সন্দর্ভত মন্তব্য কৰি মার্কিন সচিবগৰাকীয়ে কয় যে আন্তর্জাতিক উলংঘন কৰি যদি বেইজিঙে এনেদৰে আগ্রাসন কৰি থাকে আৰু স্বাধীন দেশসমূহে ইয়াক প্রতিহত নকৰে, তেতিয়াহ’লে ইতিহাসত চীনৰ কমিউনিষ্ট পার্টীয়ে অনেক অঞ্চল দখল কৰিব৷ ‘কোৱাড’ গোষ্ঠীৰ বিৰুদ্ধে চীনৰ আগ্রাসন প্রতিহত কৰা হ’ব বুলিও কয় মার্কিন সচিবগৰাকীয়ে৷

উল্লেখ্য যে ‘কোৱাড’ গোষ্ঠীৰ বৈদেশিক মন্ত্রীৰ বৈঠকৰ পাছত ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰৰ সৈতে মার্কিন বৈদেশিক সচিবগৰাকীয়ে লাডাখৰ পৰিস্থিতি সন্দর্ভত বিতং আলোচনা কৰিছিল৷ ইয়াৰ উপৰি প্রশান্ত মহাসাগৰীয় অঞ্চল তথা দক্ষিণ চীন সাগৰত চীনৰ পিপলছ লিবাৰেচন আর্মীৰ আগ্রাসী আচৰণক লৈও আলোচনা কৰা হৈছিল৷ইয়াৰ বিপৰীতে মার্কিন যুক্তৰাষ্ট্রৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা ৰবার্ট অ’ ব্রায়ানে অভিযোগ কৰা মতে আলোচনাৰ জৰিয়তে শান্তি স্থাপনৰ সদিচ্ছা চীনৰ নাই৷ দেশখনৰ উদ্দেশ্য হৈছে বলপূর্বকভাৱে এল এ চি সংলগ্ন অঞ্চলসমূহ দখল কৰা৷ গতিকে আমেৰিকা আৰু সহযোগী দেশসমূহৰ নাগৰিকৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি চীনৰ সৈতে মোকামিলা কৰাৰ সময় আহিছে বুলি কয় ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে৷

লক্ষণীয় যে একবিংশ শতিকাৰ ভাৰত আমেৰিকা যুক্তৰাষ্ট্রৰ অন্যতম গুৰুত্বপূর্ণ অংশীদাৰ বুলি উল্লেখ কৰি দেশখনৰ বিৰুদ্ধে যিকোনো দেশৰ আগ্রাসন প্রতিৰোধৰ বাবে মার্কিন যুক্তৰাষ্ট্রই সহযোগ কৰিব বুলিও কয় ব্রায়ানে

media school
Leave A Reply

Your email address will not be published.