পূজা–উৎসৱৰ বতৰত মোদী চৰকাৰে ঘোষণা কৰিছে উৎসৱ উপহাৰ,মুকলি কৰিছে দুখন কৈ আঁচনি

0 700

কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীলৈ সুখবৰ৷ পূজা–উৎসৱৰ বতৰত মোদী চৰকাৰে ঘোষণা কৰিছে বৃহৎ উৎসৱ উপহাৰ ৷আজি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে এখন সংবাদ মেলত ঘোষণা, মুকলি কৰিব কেন্দ্রই ‘এল টি চি কেছ ভাউচাৰ আঁচনি’ আৰু ‘স্পেচিয়েল ফেষ্টিভেল আঁচনি’ ।

এল টি চি কেছ ভাউচাৰ আঁচনিৰ জৰিয়তে ভ্রমণৰ ক্ষেত্রত সুবিধা লাভ কৰিব চৰকাৰৰ কর্মচাৰীসকলে ৷ সেইদৰে স্পেচিয়েল ফেষ্টিফেল এডভান্সড আঁচনিৰ জৰিয়তে কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলে ১০ হাজাৰ টকা অগ্রিম লাভ কৰিব৷ এই অগ্রিম ধনৰ নাথাকিব কোনো সুদ ৷ দহটা কিস্তিত উভতাই দিব লাগিব এই ধন৷ অহা ৩১ মার্চলৈকে কর্মচাৰীসকলে লাভ কৰিব এই সুবিধা ৷

এই আঁচনিত চৰকাৰৰে ব্যয় কৰিব ৪ হাজাৰ কোটি টকা ৷ আনপিনে এল টি চি কেছ ভাউচাৰ আঁচনিত চৰকাৰৰ ব্যয় হ’ব ৩৬ হাজাৰ কোটি টকা ৷

গ্রাহকৰ চাহিদা বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে ঘোষণা কৰিছে এই আঁচনি ৷ সংবাদ মেলত বিত্তমন্ত্রীগৰাকীয়ে ৰাজ্যসমূহক মূলধন প্রকল্পত ব্যয়ৰ বাবে ১২ হাজাৰ কোটি টকা ঋণ ঘোষণা কৰিছে৷ ৫০ বছৰীয়া এই ১২ হাজাৰ কোটি টকা ঋণত নাথাকিব কোনো সুদ ৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহক এই ধনৰ পৰা প্রদান কৰা হ’ব ১,৬০০ কোটি টকা ৷উত্তৰাখণ্ড আৰু হিমাচলক ৯০০ কোটি টকা , আৰু ৭,৫০০ কোটি টকা বিতৰণ কৰা হ’ব আন ৰাজ্যসমূহৰ মাজত ৷

Leave A Reply

Your email address will not be published.