দুঃসংবাদ,বন্ধ হৈ পৰিল ক’ৰোনা ভেকছিনৰ অন্তিম ট্রায়েল

0 663

ক’ৰোনাৰ ভেকচিন তৈয়াৰ হৈ থকাৰ মাজতে আহিছে এক দুঃসংবাদ। অক্সফোর্ড-এষ্ট্ৰোজেনেকাৰ পাছত এইবাৰ সাময়িকভাবে বন্ধ হ’ল জনছন এণ্ড জনছনৰ দ্বাৰা তৈয়াৰী ক’ৰোনা ভেকচিনৰ ট্রায়েল।

ভেকচিন লোৱাৰ পাছত কেইবাজনো স্বেচ্ছাসেৱক অপ্রত্যাশিতভাবে অসুস্থ হৈ পৰাত ট্রায়েল বন্ধ কৰাৰ সিদ্ধান্ত ল’লে সংস্থাটোৱে।উল্লেখ্য যে কৰোনাৰ প্ৰতিষেধক প্ৰস্তুতৰ ক্ষেত্ৰত জনছন এণ্ড জনছন আগত আছিল।তৃতীয় পর্যায়ৰ ‘লার্জ স্কেল’ ট্রায়েলৰ পথতে ঘটিল অঘটন। ভেকচিন লৈ অসুস্থ হৈ পৰিল বহুকেইজন স্বেচ্ছাসেৱক।ইপিনে সংস্থাটোৰ ফালৰ পৰা জনোৱা হৈছে যে বৰ্তমান স্বেচ্ছাসেৱককেইজনৰ শাৰীৰিক অসুস্থতাৰ কাৰণ ক’ৰোনাৰ সেই ভেকচিন নে আন কিবা সেই সন্দৰ্ভত পৰীক্ষা কৰা হৈছে। যদি অসুস্থাৰ কাৰণ ক’ৰোনাৰ ভেকচিন নহয় তেন্তে পুনৰ মানৱ শৰীৰত প্ৰয়োগ কৰা আৰম্ভ কৰিব।

media school
Leave A Reply

Your email address will not be published.