মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ বিচাৰি আবেদন ১੦੦ ছােৱালীৰ !

0 758

নিজৰ সুৰক্ষাৰ বাবে মাৰণাস্ত্ৰ বিচাৰিছে গুজৰাটৰ ৰাজকােট জিলাৰ শতাধিক যুৱতীয়ে।

দেশত ক্ৰমবৰ্দ্ধমান নাৰী জনিত অপৰাধৰ ঘটনা।
সুৰক্ষা দিয়াত যেন ব্যৰ্থ হৈছে আৰক্ষী তথা সংশ্লিষ্ট বিভাগসমূহ।

মাৰণাস্ত্ৰ ৰখাৰ অনুমতি বিচাৰি গুজৰাটৰ ৰাজকোটৰ জিলা প্ৰশাসনক এশ গৰাকী ছোৱালীয়ে আবেদন কৰা বাতৰিয়ে দেশজুৰি লাভ কৰিছে ব্যাপক চৰ্চা ।

মিটাল কেশুভাই পাৰ্মাৰ নামৰ এগৰাকী ১৪ বছৰীয়া কিশােৰীৰ নেতৃত্বত ছোৱালীৰ এটা দলে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ আত্মৰক্ষাৰ বাবে মাৰণাস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰ বিচাৰি আবেদন কৰে।

মিটালে এই প্ৰসংগত কয় যে যদি লকডাউন, বিমুদ্ৰকৰণ হ’ব পাৰে, তেন্তে অপৰাধীক এদিনতে শাস্তি দিয়াৰ আইন হ’ব কিয় নোৱাৰে।

লগতে মিটালে ইয়াৰ কয় যে যদি চৰকাৰে মহিলাক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব নোৱাৰে বা নিদিয়ে, তেন্তে চৰকাৰে তেওঁলোকৰ দায়িত্ব লোৱা উচিত।

media school
Leave A Reply

Your email address will not be published.