২১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
অহা ২১ অক্টোবৰত পৰ্যটকৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে মুকলি কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বান পৰিস্থিতিৰ বাবে চলিত বৰ্ষত উদ্যানখন মুকলি কৰাত পলম হয়।
সম্পূৰ্ণ কোভিড প্ৰট’কল মানি ২১ অক্টোবৰত দেশী–বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷
১০ বছৰৰ তলৰ আৰু ৬৫ বছৰৰ ওপৰৰ পৰ্যটক প্ৰৱেশত বৰ্তমান নিষেধজ্ঞা ৰাষ্ট্ৰীয় উদ্যানখনত৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ ৰমেশ গগৈয়ে প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰীয় উদ্যানত প্ৰেৱেশ কৰা পৰ্যটকৰ বাহনসমূহ প্ৰৱেশদ্বাৰত ছেনিটাইজ কৰা হ’ব৷ আনহাতে, উদ্যানত প্ৰৱেশ কৰাৰ আগতে সকলো পৰ্যটকৰ শাৰীৰিক উত্তাপ পৰীক্ষা কৰা হ’ব৷
আনহাতে, ২১ অক্টোবৰৰ দিনৰ ১১ বজাত উদ্যানৰ কঁহৰা বনাঞ্চলৰ প্ৰৱেশ দ্বাৰ মুকলি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে৷ শেহতীয়া বানৰ বাবে ২১ তাৰিখে উদ্যানত হাতী ছাফাৰী মুকলি হোৱাৰ আশা ক্ষীণ বুলি জনাইছে ডি এফ অ’গৰাকীয়ে।
ইফালে, বাট–পথৰ অৱস্থা সূচল নোহোৱাৰ বাবে প্ৰথম অৱস্থাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা আৰু বাগৰি বনাঞ্চলহে পৰ্যটকৰ বাবে মুকলি কৰা হ’ব। উদ্যানৰ বুঢ়াপাহাৰ আৰু আগৰাতলী বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰাত কিছু পলম হ’ব বুলি জনায় ৰমেশ গগৈয়ে।