কাইলৈ ক’ত বন্তি জ্বলাব মুখ্যমন্ত্রীয়ে ?

0 630

এগছি–দুগছি নহয়, কাইলৈ একেলগে এহেজাৰ চাকিৰে উজ্বলি উঠিব এখন পথাৰ। কাইলৈ কাতি বিহু। কাতি বিহুৰ সন্ধিয়া প্ৰায় এহেজাৰ মহিলাই চাকি জ্বলাব মঙলদৈ বামুণপাৰা পথাৰ আৰু এই অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মঙলদৈৰ বামুণপাৰাৰ পথাৰত বন্তি প্রজ্বলন কৰি কাতি বিহু পালন কৰিব মুখ্যমন্ত্রী সোণোৱালে৷ মুখ্যমন্ত্রীগৰাকীয়ে উপস্থিত থাকিবলগীয়া এই বিশেষ কার্যসূচীৰ বাবে ইতিমধ্যে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, উপায়ুক্ত দিলীপ বৰুৱা, আৰক্ষী অধীক্ষক অমৃত ভূঞাই বামুণপাৰা পথাৰ পর্যবেক্ষণ কৰে৷ লগতে এই অনুষ্ঠানত সকলোকে ক’ভিড প্রট’কল মানি সহযোগিতা কামনা কৰিছে জিলা প্রশাসনে৷

media school
Leave A Reply

Your email address will not be published.