বন্ধ হ’ব মাদ্ৰাছা শিক্ষা, ভংগ হ’ব মাদ্ৰাছা ব’ৰ্ড -হিমন্ত বিশ্ব শৰ্মা!

0 779

নৱেম্বৰ মাহৰ পৰা বন্ধ হ’ব ৰাজ্যৰ মাদ্ৰাছাসমূহ।

শিৱসাগৰত দিখৌ নদীৰ ওপৰত নতুন দলঙৰ আধাৰশিলা স্থাপন কৰা পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য ।

মন্ত্ৰী গৰাকীয়ে কয়- ‘চৰকাৰী সাধাৰণ শিক্ষালৈ ৰূপান্তৰ হ’ব মাদ্ৰাছা শিক্ষা। কৰ্তন নহয় শিক্ষকসকল চাকৰি । 

ধৰ্মীয় শিক্ষা নাথাকিব যদিও থাকিব আধুনিক শিক্ষাৰ বিষয়সমূহ ।

বৰ্তমানৰ মাদ্ৰাছা নামটো আঁতৰাই সেই নামেৰেই পৰিচিত হ’ব বিদ্যালয়সমূহ। 

ভংগ হ’ব মাদ্ৰাছা ব’ৰ্ড। 

ছেবা আৰু কাউন্সিলৰ অধীনত হ’ব পৰীক্ষাসমূহ ।

‘যদিহে কোনোবাই কয় যে আমাক মাদ্ৰাছা লাগে তেতিয়াহ’লে চৰকাৰে বৈদিক বিদ্যালয়ো খুলিব লাগিব।

ইয়াৰ লগে লগে অন্য ধৰ্মৰ ওপৰতো শিক্ষা দিব লাগিব। গতিকে বিকল্প দুটাই আছে হয়তু মাদ্ৰাছা বন্ধ হ’ব লাগিব নহ’লে সকলো ধৰ্মৰ স্কুল খুলিব লাগিব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

media school
Leave A Reply

Your email address will not be published.