LPG চিলিণ্ডাৰ ক্ৰয় কৰাৰ নতুন নিয়ম;১ নৱেম্বৰৰ পৰা হ’ব বলৱত্‍

0 1,177

ঘৰত ব্যৱহাৰ কৰা এল পি জি চিলিণ্ডাৰ ক্ৰয়ৰ ক্ষেত্ৰত বহু কেইটা নতুন নীতি-নিয়ম নিৰ্ধাৰণ কৰা হৈছে। অহা নৱেম্বৰ মাহৰ পৰা বলৱত্‍ হ’ব এই সমূহ নীতি-নিয়ম। এতিয়া গ্ৰাহকক এল চি জি চিলিণ্ডাৰৰ বাবে ৱান-টাইম পাচৱৰ্ডৰ প্ৰয়োজন হ’ব।তেল কোম্পানীয়ে বলৱত্‍ কৰিছে নতুন চিষ্টেম। যা’তে গেছ চিলিণ্ডাৰ চুৰি আদি ঘটনা নাইকীয়া কৰিব পৰা যায়, লগতে ডেলিভাৰীৰ ক্ষেত্ৰত থকা বিসংগতি দূৰ হয়। প্ৰথম অৱস্থাত এই চিষ্টেম দেশৰ ১০০ খন প্ৰধান চহৰত আৰম্ভ হ’ব। পাইলট প্ৰজেক্ট হিচাপে ৰাজস্থানৰ জয়পুৰত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।এই নতুন চিষ্টেমৰ অধীনত, গেছ চিলিণ্ডাৰৰ ডেলিভাৰী তেতিয়ালৈকে সম্পূৰ্ণ নহ’ব, যেতিয়ালৈকে গ্ৰাহকে কোড নেদেখুৱাব। কোড গ্ৰাহকৰ ৰেজিষ্টাৰ্ড মোবাইল ফোনলৈ আহিব। ইয়াৰ বাবে গ্ৰাহকে গেছ এজেন্সীৰ সৈতে নিজৰ মোবাইল নম্বৰ আপজেট ৰাখিব লাগিব।

media school
Leave A Reply

Your email address will not be published.