বিজেপি কর্মী ৰাজীৱ পৰাশৰক আটক ক্রাইম ব্রাঞ্চৰ
উপ পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰিক লৈ জোকাৰণি সৃষ্টি হৈ থকাৰ সময়তে পোহৰলৈ আহিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত হোৱা নিযুক্তি কেলেংকাৰিৰ তথ্য ।
১৬ অক্টোবৰৰ নিশা অসম আৰক্ষীৰ ক্রাইম ব্রাঞ্চে পঞ্চায়ত আৰু গ্রামোন্নয়নৰ নিযুক্তি কেলেংকাৰিত জড়িত থকাৰ অভিযোগত বিজেপি কর্মী ৰাজীৱ পৰাশৰক আটক কৰে ৷ ৰাজীৱ পৰাশৰ দিছপুৰৰ শীর্ষ মহলৰ ঘনিষ্ঠ ব্যক্তি ৰূপে পৰিচিত৷
ক্রাইম ব্রাঞ্চে এক নিজাববীয়া গোচৰৰ অধীনত গুৱাহাটী মহানগৰীৰ ছয়মাইলস্থিত ৰাজীৱ পৰাশৰৰ ফ্লেটত তালাচী চলাই ম’বাইল, লেপটপৰ লগতে গাড়ী জব্দ কৰে৷লগতে উদ্ধাৰ কৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ নিযুক্তিৰ সৈতে সংযোগ থকা বিভিন্ন নথি–পত্রও ৷