পৃথিৱী-২ মিছাইল সফলতাৰে পৰীক্ষণ সম্পন্ন কৰিলে ভাৰতে।

0 584

চীনৰ সৈতে সীমান্তত উত্তেজনা বৃদ্ধি হৈ থকাৰ সময়তে ভাৰতে সফলতাৰে পৰীক্ষণ সম্পন্ন কৰিলে পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰা মিছাইল পৃথিৱী-২ ।

১৬ অক্টোবৰত সন্ধিয়া ৭.৩০ বজাত ওড়িশাৰ চান্দিপুৰৰ পৰা মিছাইল পৃথিৱী-২ সফল পৰীক্ষণ সম্পন্ন কৰা হয়।

ভূপৃষ্ঠৰ পৰা ভূপৃষ্ঠলৈ মাৰি পঠিয়াৱ পৰা এই মিছাইলে ৩৫০ কিলোমিটাৰ দূৰত্ব পৰ্যন্ত আঘাত হানিব পাৰিব।

পৃথিৱী-২ ক্ষেপণাস্ত্ৰই ৫০০ ৰ পৰা ১০০০ কিলোগ্ৰাম ওজনৰ পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পাৰিব।

পৃথিৱী-২ ক্ষেপণাস্ত্ৰৰ প্ৰথম পৰীক্ষণ সম্কন্ন কৰা হৈছিল ১৯৯৬ চনৰ ২৭ জানুৱাৰীৰ দিনা।

২০০৩ চনত এই ক্ষেপণাস্ত্ৰ ভাৰতীয় বায়ু সেনাই লাভ কৰে।

পৰৱৰ্তী সময়ত এই ক্ষেপণাস্ত্ৰত সংযোগ কৰা হয় ইনাৰছিয়েল নেভিগেছন ছিষ্টেম।

ফলত ই শত্ৰু পক্ষৰ ঘাটি চিনাক্ত কৰি মোক্ষম আঘাত হানিবলৈ সক্ষম হ’ব।

উল্লেখ্য ভাৰতে ইটোৰ পিছত সিটোকৈ ক্ষেপনাস্ত্ৰ পৰীক্ষণ কৰিছে ভাৰতে।

media school
Leave A Reply

Your email address will not be published.