অপ প্ৰচাৰৰ পৰা বিৰত থাকক;ৰিপাব্লিক টিভিৰ বিৰুদ্ধে ক্ষোভিত বাৰ্ক

0 689

অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিৰ ওপৰত এইবাৰ অসন্তুষ্টি ব্যক্ত কৰিছে ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্ছ কাউঞ্চিত চমুকৈ BARCএ। গোপনীয়তা ভংগ আৰু অপপ্ৰচাৰৰ বাবে ৰিপাব্লিক টিভিৰ বিৰুদ্ধে ক্ষোভ উজাৰে বাৰ্কে।

এক বিশেষ বিবৃতিৰ জৰিয়তে বাৰ্ক ইণ্ডিয়াই কয় যে, তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়ত বাৰ্কোকৰ ফালৰ পৰা কোনো ধৰণৰ মন্তব্য দিয়া নাই। লগতে তদন্ত প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগ কৰাৰ লগতে প্ৰয়োজনীয় তথ্য পাতি তদন্তকাৰী সংস্থাক যোগান ধৰা হৈছে।ইয়াৰ পূৰ্বে ৰিপাব্লিক নেটৱৰ্ক টিভিয়ে দাবী কৰিছিল যে, চেনেলৰ সৈতে ই-মেইল এক্সছেঞ্চ কৰোতে বাৰ্কৰ যিখিনি প্ৰতিক্ৰিয়া আছিল, সেয়া মুম্বাই আৰক্ষী সঞ্চালক প্ৰধান পৰম বীৰ সিঙে আৰোপ কৰা অভিযোগৰ সম্পূৰ্ণ বিপৰীত। অৰ্থাত্‍ মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভিৰ বিৰুদ্ধে টি আৰ পি মেনেজ কৰাৰ যি অভিযোগ আনিছিল, সেয়া খণ্ডন কৰি বাৰ্কৰ ফালৰ পৰা বিপৰীত ভাষ্য দিয়া হৈছে বুলি দাবী কৰিছিল ৰিপাব্লিক টিভিয়ে।

media school
Leave A Reply

Your email address will not be published.