২২ অক্টোবৰত শুভ উদ্বোধন হ’ব নৱনিৰ্মিত গণেশগুৰি উৰণীয়া সেতু
শাৰদীয় দুর্গাপূজাৰ মহাষষ্ঠীৰ দিনাই মুকলি হ’ব গণেশগুৰি নৱনির্মিত উৰণীয়া সেতু৷ উৰণীয়া সেতুখনৰ আৰম্ভণি পৰা শেষলৈকে উদ্ভাসিত হৈছে অসমৰ বাৰেৰহণীয়া কৃষ্টি–সংস্কৃতি৷ অত্যাধুনিক ষ্টীল গার্ডাৰ প্রযুক্তি ব্যৱহাৰ কৰা হৈছে এই উৰণীয়া সেতুখনত৷
৩৯৮.৫ মিটাৰ দৈর্ঘ্যৰ সেতুখনত ২৭ মিটাৰ দৈর্ঘ্যৰ অন্য এটা উইং নির্মাণ কৰি সংযোগ কৰা হৈছে পূর্বৰ উৰণীয়া সেতুখনত৷ সর্বমুঠ ৮৮.৭৪ কোটি টকা ব্যয়েৰে নির্মাণ কৰা হৈছে উৰণীয়া সেতুখন৷ ২০১৯ বর্ষৰ মার্চ মাহত আৰম্ভ কৰা হৈছিল সেতুখনৰ নিৰ্মাণ কাৰ্য।
সেতুখন মুকলি হ’লেই দীর্ঘদিনীয়া যান–জঁটৰ সমস্যা দূৰ হ’ব গণেশগুৰি অঞ্চলত৷
নির্মাণ কৰা সেতুখন কদর্য নকৰিবলৈ আহ্বান জনাইছে সচেতন মহানগৰবাসীয়ে৷