আজি পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্রীয় উদ্যান

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হ’ব৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুৱা ১১ বজাত কঁহৰা বনাঞ্চলৰ মিহিমুখত আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ মুকলি কৰি কাঠপাৰালৈকে উদ্যান দৰ্শন কৰিব৷অনুষ্ঠানত উপস্থিত থাকিব বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে, কৃষি মন্ত্ৰী অতুল বৰা আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত৷ ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ বাবে প্ৰস্তুতি চলাইছে উদ্যান কৰ্তৃপক্ষই৷আনহাতে, ১ নৱেম্বৰত মুকলি হ’ব হাতী ছাফাৰী৷ কঁহৰা বনাঞ্চলত বিভাগীয় হাতী ছাফাৰীৰ বাবে ব্যস্ত হৈ পৰিছে হাতীৰ মাউতসকল৷ প্ৰদূন্য, লক্ষীমাই,পৱন, বীৰ, পাহি, ফুলন দেৱীকে ধৰি ১০টা হাতী ছাফাৰীৰ বাবে সাজু কৰা হৈছে৷ একে দিনাই বাগৰি বনাঞ্চলতো ব্যক্তিগত হাতী ছাফাৰী আৰম্ভ কৰাৰ প্ৰস্তুতি চলাই থকা হৈছে৷