জয় হিন্দ;আজি ৰাষ্ট্ৰীয় পুলিচ স্মৰণোৎসৱ দিৱস

0 335

আজি পুলিচ স্মৰণোৎসৱ দিৱস।আজিৰ দিনটোতেই দেশৰ সেইসকল বীৰ জোৱানক স্মৰণ কৰা হয় যিসকল বীৰজোৱানে কৰ্তব্যৰত অৱস্থাত দেশ মাতৃক ৰক্ষা কৰাৰ বাবে জীৱন আহুতি দিছিল।১৯৫৯চনৰ ২১অক্টোবৰত লাডাখ সীমান্তত কৰ্তব্যৰত দেশৰ ২০জন জোৱানৰ ওপৰত চীনা সৈন্যই আক্ৰমণ চলাইছিল।যাৰ ফলত ১০জন ভাৰতীয় জোৱান থিতাতে নিহত হোৱাৰ বিপৰীতে বাকী ১০জন সৈনিকক চীনা সেনাই কৰায়ত্ত কৰে।প্ৰায় এমাহৰ অন্তত কৰায়ত্ত কৰা সৈনিক কেইগৰাকীৰ মৃতদেহবোৰ চীনা সৈন্যই ভাৰতক গতাই দিয়ে।তেতিয়াৰে পৰা প্ৰতিবছৰে ২১অক্টোবৰৰ দিনটো পুলিচ স্মৰণোৎসৱ দিৱস হিচাপে পালন কৰা হয়। ২০১৮চনত পোনপ্ৰথমবাৰলৈ পুলিচ স্মৰণোৎসৱ দিৱসৰ দিনটোত ৰাষ্ট্ৰীয় পুলিচ স্মাৰক সন্মোচন কৰিছিল।

media school
Leave A Reply

Your email address will not be published.