চেণ্ডেল, ম’বাইল, নোহোৱা এজন নিৰ্বাচনী প্ৰাৰ্থী । কোন এওঁ..! পঢ়ক

0 558

সমাগত বিহাৰৰ বিধানসভা নিৰ্বাচন।

ইতিমধ্যে বিহাৰৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ধন, ক্ষমতা থকা বহু প্ৰাৰ্থী।ইয়াৰে মাজতে চৰ্চালৈ আহিছে এগৰাকী বিশেষ প্ৰাৰ্থী।

নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব এগৰাকী একেবাৰে দৰিদ্ৰ লোক। যি গৰাকী প্ৰাৰ্থীৰ নাই এটা ম’বাইল, নাই এযোৰ চেণ্ডেল।

লক্ষীচৰায় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে ভৰত মাহাতো নামৰ এগৰাকী অতি দৰিদ্ৰ লোক।

ঘৰখনত যোগাযোগৰ বাবে আছে এটাই ম’বাইল ।

তেওঁৰ ল’ৰা কেইজন বৰ্তমান বাহিৰত শ্ৰমিকৰ কাম কৰি আছে।

৭২বৰ্ষীয় ভৰত মাহাতোৱে ইয়াৰ পূৰ্বেও ১২বাৰকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

অৱশ্যে, এইবাৰেহে তেওঁ প্ৰথম বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াৰ পূৰ্বে তেওঁ পঞ্চায়ত পৰ্যায়ৰ নিৰ্বাচনতহে যুঁজ দিছিল।

media school
Leave A Reply

Your email address will not be published.