টেংকবিধ্বংসী ক্ষেপণাস্ত্র ‘নাগ’ৰ সফল পৰীক্ষণ
ভাৰতে সফলতাৰে সম্পন্ন কৰিলে টেংকবিধ্বংসী ক্ষেপণাস্ত্র ‘নাগ’ৰ পৰীক্ষণ৷
প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’)ই নির্মাণ কৰিছে এই টেংকবিধ্বংসী ক্ষেপণাস্ত্র ৷
২২ অক্টোবৰত ৰাজস্থানৰ পোখৰানত ৰাতিপুৱা ৬.৪৫ বজাত ক্ষেপণাস্ত্র ‘নাগ’ৰ সফলতাৰে পৰীক্ষা সম্পন্ন কৰা হয়৷ ক্ষেপণাস্ত্রটো উৎক্ষেপণ কৰাৰ মাত্র কেইছেকেণ্ড মানৰ ভিতৰতে লক্ষ্যস্থানত গৈ আঘাত কৰে আৰু ইয়াৰ বিধ্বংসী শক্তিৰ প্রমাণ দাঙি ধৰে৷
‘ নাগ’ৰ চূড়ান্ত পৰীক্ষা সফলতাৰে সম্পন্ন হোৱাৰ পিছতে ডিআৰডিঅ’ৰ তৰফৰ পৰা দেশৰ সশস্ত্র বাহিনীক এই ক্ষেপণাস্ত্র প্রদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ টেংকবিধ্বংসী নাগ ক্ষেপণাস্ত্র সশস্ত্র বাহিনীয়ে লাভ কৰাৰ পিছত দেশৰ সামৰিক শক্তিয়ে অন্য এক মাত্রা লাভ কৰিব বুলি নিৰাপত্তা বিশেষজ্ঞসকলে ঘোষণা কৰিছে৷