চৰকাৰৰ সাৰ মন্ত্রালয়ৰ স্বচ্ছতাৰ পষেক;নামৰূপ সাৰ কাৰখানালৈ প্রথম পুৰস্কাৰ

0 137

প্রতি বর্ষৰ দৰে এইবাৰো  ভাৰত চৰকাৰৰ সাৰ মন্ত্রালয়ে আয়োজন কৰিছিল স্বচ্ছতাৰ পষেক৷ সাৰ মন্ত্রালয়ৰ অধীনৰ আন আন সাৰ উদ্যোগৰ লগতে নামৰূপ সাৰ কাৰখানায়ো বিভিন্ন স্বচ্ছতাৰ লগত কার্যসূচীৰে স্বচ্ছতা পোখৰাত অংশগ্রহণ কৰিছিল৷উল্লেখ্য যে এই কার্যসূচীত নামৰূপ সাৰ কাৰখানাই কৰা সুন্দৰ প্রদর্শনৰ বাবে এইবাৰ দেশৰ সাৰ উদ্যোগসমূহৰ ভিতৰত নামৰূপে প্রথম স্থান লাভ কৰিবলৈ সক্ষম হয়৷ আজি এই সন্দর্ভত উদ্যোগটোৰ মুখ্য প্রশাসনিক বিষয়া প্রণৱ কুমাৰ ভট্টাচার্যই সাংবাদিকক জনায় যে নামৰূপ সাৰ কাৰখানাৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অসীম কুমাৰ ঘোষে ২৭ অক্টোবৰৰ দিনৰ ১১বজাত নতুন দিল্লীত সাৰ মন্ত্রালয়ৰ কার্যালয়ত আয়োজিত অনুষ্ঠানত সাৰ সচিবৰ পৰা এই বঁটা গ্রহণ কৰিব বুলি জানিবলৈ দিয়ে৷

media school
Leave A Reply

Your email address will not be published.