তথ্য সুৰক্ষা আৰু নিৰাপত্তা সন্দর্ভত গুগল আৰু পেটিএমলৈ চমন জাৰি

0 690

সংসদৰ যুটীয়া কমিটীয়ে গুগল আৰু পেটিএমক তথ্য সুৰক্ষা আৰু নিৰাপত্তা সন্দর্ভত অহা ২৯ অক্টোবৰত কমিটীৰ সন্মুখত হাজিৰ হ’বলৈ চমন জাৰি কৰিছে৷ বিজেপিৰ সাংসদ মীনাংক্ষি লেখীৰ নেতৃত্বাধীন লোকসভাৰ ১০ সাংসদ আৰু ৰাজ্যসভাৰ ১০ সাংসদৰ যুটীয়া কমিটীয়ে গুগল আৰু পেটিএমক চমন জাৰি কৰিছে৷ উল্লেখ্য যে তথ্য সুৰক্ষা বিধেয়ক সন্দর্ভত ই–কোম্পানী আমাজনক অহা ২৮ অক্টোবৰত কমিটীৰ সন্মুখত হাজিৰ হ’বলৈ চমন জাৰি কৰিছে যদিও আমাজনে হাজিৰ হ’বলৈ অসন্মতি প্রকাশ কৰিছে৷ আমাজনৰ প্রতিনিধিয়ে যদি ২৮ অক্টোবৰত যুটীয়া কমিটীৰ সন্মুখত হাজিৰ নহয়, তেতিয়া হ’লে বিশেষ মর্যাদা হানি কৰা হ’ব বুলি মন্তব্য কৰিছে বিজেপিৰ সাংসদ মীনাক্ষি লেখীয়ে তাৎপর্যপূর্ণ যে ইতিমধ্যে ফেচবুক আৰু টুইটাৰকো যুটীয়া কমিটীয়ে হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে৷ নাগৰিকৰ ব্যক্তিগত তথ্য সুৰক্ষা–গোপনীয়তাক লৈ কেন্দ্রীয় চৰকাৰে অধিক কঠোৰ বুলি মন্তব্য কৰি যুটীয়া কমিটীৰ নেতৃত্ব দিয়া সাংসদ লেখীয়ে গুগ্ল আৰু পেটিএমক কমিটীৰ সন্মুখত হাজিৰ হ’বলৈ নির্দেশ দিছে৷

media school
Leave A Reply

Your email address will not be published.