“আমি উত্তেজনা আৰু বৃদ্ধি হোৱাটো নিবিচাৰো”-আমেৰিকা

0 388

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাইক পোম্পিও আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক গ্ৰেফে আগন্তুক সপ্তাহত এক গুৰুত্বপূৰ্ণ ভ্ৰমণত অংশ গ্ৰহণ কৰিব।শনিবাৰে ট্ৰাম্প প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সতে এক বৈঠকত মিলিত হৈ  তেওঁলোকে কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰই লাডাখত ভাৰত-চীনৰ মাজত চলি থকা সংঘাট খুব ওচৰৰ পৰা প্ৰত্যক্ষ কৰি আছে।তেওঁলোকে উল্লেখ কৰে যে, এইবিষয়ে ভাৰতৰ সৈতে আলোচনা কৰি আছে যাতে পৰিস্থিতিটো আৰু জটিল নহয়।আমেৰিকা যুক্তৰাষ্ট্ৰই কয় যে, তেওঁলোকে দক্ষিণ চীন সাগৰত ইয়াৰ সামৰিক উপস্থিতিৰ সতে দক্ষিণ-পূৱ এছিয়াত ভাৰতীয় অংশগ্ৰহণ বৃদ্ধিক স্বাগতম জনাইছে। ইয়াৰ উপৰিও হিমালয়ৰ পৰা বিতৰ্কিত সমুদ্ৰীয় ক্ষেত্ৰত চীনৰ আক্ৰমণাত্মক আচৰণৰ সৈতে মোকাবিলা কৰিবৰ বাবে আমেৰিকাই সম-বিচাৰধাৰীয়ে সহযোগিতাৰে কাম কৰি আছে বুলিও মন্তব্য কৰিছে।

media school
Leave A Reply

Your email address will not be published.