৩১ অক্টোবৰত সাক্ষী হ’ব এক মহাজাগতিক পৰিঘটনাৰ

0 489

সদায় নিত্য-নতুন পৰিঘটনাৰ বাবে মহাকাশ ৰহস্যময়। যুগ-যুগ ধৰি মহাকাশত বহুত পৰিঘটনা ঘটি আহিছে। তেনে অন্য এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব দেশবাসী।

অহা ৩১ অক্টোবৰত আকাশত সুদীৰ্ঘ ৭৬ বছৰৰ পিছত দেখা যাব এক মহাজাগতিক পৰিঘটনা।

৩১অক্টোবৰৰ নিশাৰ আকাশত দৃশ্যমান হ’ব ‘ব্লু-মুন’। ইয়াক ‘ব্লু-মুন’ বুলি ক’ব যদিও চন্দ্ৰৰ ৰং কিন্তু সলনি নহয়।

এমাহত দুবাৰ পূৰ্ণিমা হ’লে ইয়াক অভিহিত কৰা হয় ব্লু-মুনৰূপে।চলিত বছৰৰ অক্টোবৰ মাহত দুবাৰকৈ হ’ব পূৰ্ণিমা।
প্ৰথমটো পূৰ্ণিমা যোৱা ১ অক্টোবৰত হৈছিল আৰু দ্বিতীয়টো পূৰ্ণিমা ৩১ অক্টোবৰত হ’ব ।

এই মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব ভাৰতৰ লগতে উত্তৰ-দক্ষিণ আমেৰিকা, ইউৰোপ আদিকে ধৰি এছিয়াৰ কেইবাখনো দেশ ।

পুনৰ ‘ব্লু-মুন’ বা নীলা চন্দ্ৰ আকাশত দৃশ্যমান হ’ব সুদীৰ্ঘ ১৯ বছৰ পিছতহে।

media school
Leave A Reply

Your email address will not be published.