ভাল খৱৰ;১৪৭টকাত ভাৰতত উপলদ্ধ হ’ব ক’ৰোণা ভেকচিন

0 577

১৩০ কোটিৰ দেশ। সকলোকে ভেকচিনৰ আওতালৈ অনাটো সহজসাধ্য কাম নহয়। পূৰ্বপ্ৰস্তুতি নাথাকিলে গোটেই প্ৰক্ৰিয়াটোত বিফল হোৱাৰ সম্ভাৱনা আছে। সেয়েহে ভেকচিন অহাৰ পূৰ্বেই আৰম্ভ হৈছে চৰকাৰী প্ৰস্তুতি।ভেকচিন প্ৰস্তুত হ’লে ১৩০ কোটি ভাৰতবাসীৰ ভেকচিন ল’বলৈ খৰচ হ’ব ভাৰতীয় মূল্যত প্ৰতিজনৰ আনুমানিক ১৪৭ টকাকৈ।ব্লুমবাৰ্গ আৰু কুইণ্টৰ খবৰ মতে, এই অৰ্থমূল্য ধাৰ্য কৰা হৈছে এই অৰ্থনৈতিক বৰ্ষ অৰ্থাৎ ৩১ মাৰ্চ পৰ্যন্ত। ১৪৭ টকা খৰচ কৰি মুঠ দুটা ড’জ ল’ব পাৰিব ভেকচিনৰ।মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, দেশৰ বিজ্ঞানীসকলে দিনে–ৰাতিয়ে কাম কৰিছে ভেকচিন প্ৰস্তুত কৰাৰ বাবে। লগতে উৎসৱৰ বতৰত দেশবাসীক কো‍ভিড নিয়ম মানি চলিবলৈও সতৰ্ক কৰি দিয়ে মোদীয়ে।

media school
Leave A Reply

Your email address will not be published.