স্বস্তি, সুস্থ হৈ হাস্পতালৰ পৰা ঘৰলৈ উভতিল কপিলদেৱ

0 402

ৰিয়েল ফাইটাৰ তেওঁ। কঠিন মেচতো বিজয়ী হোৱাৰ সম্পূৰ্ণ ক্ষমতা ৰাখে প্ৰাক্তন অধিনায়কগৰাকীয়ে।পুনৰবাৰ সেয়া সকলোকে প্ৰমাণিত কৰিলে তেওঁ। হৃদৰোগত আক্রান্ত হৈ হাস্পতালত ভৰ্তি হোৱা কপিলদেৱ বৰ্তমান সম্পূৰ্ণ সুস্থ। দেওবাৰে হাস্পতালৰ পৰা ঘৰলৈ উভতিল প্ৰাক্তন খেলুৱৈগৰাকী। দেওবাৰে দুপৰীয়া কপিলদেৱৰ সতীর্থ চেতন শর্মাই টুইট কৰি জনালে সেই কথা।দেওবাৰে টুইট কৰি দিল্লীৰ হাস্পতালত চিকিৎসকৰ সৈতে কপিলদেৱৰ এখন আলোকচিত্ৰ প’ষ্ট কৰে চেতন শৰ্মাই। কপিলদেৱৰ এই সুস্থতাৰ খবৰে স্বাভাবিকভাবেই স্বস্তি পেলাইছে তেওঁৰ শুভাকাঙ্ক্ষীসকলক।উল্লেখ্য যে, মহাসপ্তমীৰ দুপৰীয়া হঠাতে হৃদৰোগত আক্রান্ত হৈছিল বিশ্বকাপজয়ী প্রাক্তন ভাৰতীয় অধিনায়ক কপিলদেৱ। তাৰপাছতেই তেওঁক দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰা হয়

media school
Leave A Reply

Your email address will not be published.