পাকিস্তানৰ পেছাৱৰত ভয়ংকৰ বিষ্ফোৰণ;নিহত ৭

0 399

মংগলবাৰে পাকিস্তানৰ পেছাৱৰ চহৰৰ এখন মাদ্ৰাছাত এক ভয়ংকৰ বিষ্ফোৰণ সংঘটিত হয়।এই ভয়ংকৰ বিষ্ফোৰণৰ ফলত ৭জনকৈ ছাত্ৰৰ থিতাতে মৃত্যুু হোৱাৰ বিপৰীতে প্ৰায় ৭০জনকৈ ছাত্ৰ গুৰুতৰভাৱে আহত হয়।আঘাতপ্ৰাপ্ত আটাইকেইগৰাকী ছাত্ৰকে ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰা হৈছে।অৱশ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা ছাত্ৰসকলৰ ভিতৰত বহুকেইজন ছাত্ৰৰে অৱস্থা সংকটজনক।
আনহাতে বিষ্ফোৰণ সংঘটিত হোৱাৰ সঠিক কাৰণ পোহৰলৈ অহা নাই।একাংশ স্থানীয় লোকে চিলিণ্ডাৰ বিষ্ফোৰণ ঘটি এই দুৰ্ঘটনাতো সংঘটিত হোৱা বুলি মন্তব্য কৰে যদিও এই পৰ্যন্ত তদন্ত অব্যাহত ৰখা হৈছে।

media school
Leave A Reply

Your email address will not be published.