বিজেপিক প্ৰত্যাহ্বান থাকৰেৰ;সাহস থাকিলে মোৰ চৰকাৰ ভাঙি দেখুৱাওক

0 510

কেন্দ্ৰৰ সৈতে চলি থকা শিৱসেনাৰ দীৰ্ঘদিনীয়া সংঘাত ক্ৰমাত অধিক ৰাজহুৱা হৈ পৰিছে।দেওবাৰে মুম্বাইত শিৱসেনাৰ এখন সমাৱেশত ভাষণ দি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-“যিদিনাখন মই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো,সেইদিনাৰে পৰা মোৰ চৰকাৰ ভংগ কৰি দিয়া হ’ব বুলি শুনি আহিছো।এবছৰ পাৰ হ’ল।যদি সাহস আছে চৰকাৰ ভাঙি দেখাওক।”
উল্লেখ্য যে ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগৎ সিং কোশিৱাৰীয়ে উদ্ধৱ থাকৰেক অতি কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। তাৰ পাছতেই ৰাজ্যপালৰ এনে কটু ব্যৱহাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ হেঁচাৰ বাবেই দেওবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰে।য’ত তেঁও বিজেপিক তেঁওৰ চৰকাৰ ভাঙিবলৈ প্ৰত্যাহ্বান জনায়।

media school
Leave A Reply

Your email address will not be published.