বিহংগিনী অসম কন্যা..বায়ুসেনাত অসমৰ প্রথম মহিলা উইং কমাণ্ডাৰ বর্ণালী গগৈ

0 864

বায়ুসেনাত অসমৰ প্রথম মহিলা উইং কমাণ্ডাৰ লখিমপুৰৰ বর্ণালী গগৈ এতিয়া সমগ্র ৰাজ্যৰ গৌৰৱ হৈ পৰিছে ৷ ভাৰতীয় বায়ুসেনাত অসমৰ প্রথম মহিলা উইং কমাণ্ডাৰ ৰূপে সেৱা আগবঢ়াইছে ৷

উইং কামাণ্ডাৰ বর্ণালীয়ে ১৯৯৬ চনত বায়ুসেনাত পাইলট হিচাপে যোগদান কৰিছিল৷ পাইলটৰ পিছত ফ্লায়িং অফিচাৰ, ফ্লাইট লেফটেনেণ্ট পদলৈ পদোন্নতি হোৱাৰ পিছত এতিয়া উইং কমাণ্ডাৰ পদত যোগদান কৰে ৷

১৯৮৫ চনত যোৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱাৰ পিছত কটনত বিজ্ঞান বিষয়ত অধ্যয়ন কৰিছিল ।

পৰৱর্তী অসম ইঞ্জিনীয়াৰিং কলেজৰ পৰা ইলেক্ট্র’নিক্স এণ্ড টেলি কমিউনিকেচনত অভিযন্তা হিচাপে প্রথম বিভাগত প্রথম স্থান দখল কৰি সোণৰ পদক লাভ কৰিছিল৷ বিৰলা ইনষ্টিটিউট এণ্ড টেকন’লজী ছায়েঞ্চ প্রতিষ্ঠানৰ পৰা তেওঁ এমটেক ডিগ্রী গ্রহণ কৰে ৷

২০০২ বর্ষত ৰাষ্ট্রপতিৰ বঁটাৰে সন্মানিত হয় বৰ্ণালী গগৈ৷ইয়াৰ উপৰিও বায়ুসেনাত কর্তব্যপৰায়ণতাৰ বাবে বৰ্ণালী গগৈয়ে দুবাৰকৈ বঁটা লাভ কৰে ৷

Leave A Reply

Your email address will not be published.