আধাৰ কাৰ্ড আপডেট কৰিবলৈ কি কি লাগিব নথি–পত্ৰ , UIDAI–এ প্ৰকাশ কৰিলে তালিকা

0 554

UIDAI–এ কৰিলে আধাৰ কাৰ্ড সম্বন্ধীয় বিশেষ ঘোষণা  । আপুনি যদি আধাৰ কাৰ্ডত জন্মৰ তাৰিখ বা ঠিকনা সলনি কৰিব বিচাৰে তেনেহ’লে আপুনি এই কথাটো জনাটো প্ৰয়োজনীয়।

আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তা কিমান সেয়া সকলোৱে জানে । আধাৰ কাৰ্ডত জন্মৰ তাৰিখ বা ঠিকনা ভুল থাকিলে সমস্যাত পৰিব পাৰে আপুনি।

যদিহে আপোনাৰ আধাৰ কাৰ্ডত কোনো ভুল হৈ আছে তেন্তে পলম নকৰি সোনকালে সলনি কৰি লওক। জানি লওক জন্ম তাৰিখ সলনি কৰিবৰ বাবে কি কি নথি–পত্ৰ লাগিব।

UIDAI এ টুইটযোগে প্ৰকাশ কৰিছে যে জন্মৰ তাৰিখ সলনি কৰিবলৈ প্ৰয়োজন হ’ব কিছুমান নথি–পত্ৰৰ ।  
পৰিচয় প্ৰমাণ পত্ৰ হিচাপে ৩২ বিধ নথি বৈধ, সম্বন্ধৰ প্ৰমাণ পত্ৰ হিচাপে ১৪ বিধ নথি, জন্মৰ তাৰিখৰ বাবে ১৫ বিধ নথি, ঠিকনাৰ প্ৰমাণ পত্ৰৰ বাবে ৪৫ বিধ নথি বৈধ বুলি মানি লয় UIDAI এ ।

কি কি নথিৰ প্ৰয়োজন চাওক

Proof Of Identity : ১. পাছপ’ৰ্ট ২. পেন কাৰ্ড ৩. ৰেছন কাৰ্ড ৪. ভোটাৰ আই ডি ৫. ড্ৰাইভিং লাইচেঞ্চ

DOB Documents : ১. বাৰ্থ চাৰ্টিফিকেট ২. পাছপ’ৰ্ট ৩. পেন কাৰ্ড ৪. মাৰ্কশ্বিট ৫. এইছএছএলচি চাৰ্টিফিকেট।

Proof of Address : ১. পাছপ’ৰ্ট ২. বেংক ষ্টেটমেণ্ট ৩. পাছবুক ৪. ৰেছন কাৰ্ড ৫. পোষ্ট অফিচৰ একাউণ্ট ষ্টেটমেণ্ট ৬. ভোটাৰ আই ডি ৭. ড্ৰাইভিং লাইচেঞ্চ ৮. বিদ্যুতৰ বিল ৯. পানীৰ বিল।

media school
Leave A Reply

Your email address will not be published.