দুই দেশৰ সমস্যাত তৃতীয় পক্ষৰ স্থান নাই-চীন

0 610

ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰা ৰঙা চীনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব মাইক প’ম্পিঅ’ই চীনক দখলকাৰীৰ ভূমিকা গ্ৰহণ নকৰিবলৈ সকীয়নি প্ৰদান কৰাৰ পাছতেই চীনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।চীনৰ ৰাষ্ট্ৰদূত কাৰ্যালয়ে বিবৃতিযোগে প্ৰকাশ কৰে যে “সীমান্তৰ সমস্যা চীন আৰু ভাৰতৰ মাজৰ দ্বিপাক্ষিক বিষয়।দুয়োপক্ষই আলোচনাৰ জৰিয়তে সীমান্তৰ উত্তেজনা শাম কটোৱাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।গতিকে এই বিষয়টোত হস্তক্ষেপ কৰাৰ বাবে তৃতীয় পক্ষৰ প্ৰয়োজন নাই।”বিবৃতিত এই কথাও স্পষ্ট কৰি দিয়ে যে আমেৰিকাই নিজৰ শীতল যুদ্ধৰ মানসিকতা ত্যাগ কৰক।

media school
Leave A Reply

Your email address will not be published.