জম্মু-কাশ্মীৰত নিয়াৰ তালাচী অভিযান-অসন্তুষ্ট মেহবুবা মুফতি

0 315

এন জি অ’ৰ নামত দেশ-বিদেশৰ পৰা ধন সংগ্ৰহ কৰি সেই ধন জম্মু-কাশ্মীৰৰ বিছিন্নতাবাদ তথা সন্থাসবাদী কাৰ্যত ব্যৱহাৰ কৰাৰ অভিযোগত বুধবাৰে নিয়াৰ এটা দলে জম্ম-কাশ্মীৰৰ মুঠ ১০টা স্থানত তালাচী চলোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে।আনহাতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ এনে তালাচীক লৈ অসন্তুষ্টি প্ৰকাশ কৰে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পি ডি পিৰ শীৰ্ষ নেত্ৰী মেহবুবা মুফতিয়ে।নেত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই কাৰ্যৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ স্বাধীনতাক হৰণ কৰিবলৈ চেষ্টা কৰা হৈছে।স্মৰ্তব্য যে চলিত বৰ্ষৰ ৮অক্টোবৰত নিয়াই এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি কেইবাটাও এনজিঅ’ আৰু ন্যাসৰ বিৰুদ্ধে তদন্ত চলাব বুলি ঘোষণা কৰিছিল

media school
Leave A Reply

Your email address will not be published.