টুইট কৰি বিপদত পৰিল ৰাহুল

0 290

বিপদে লগ এৰা নিদিয়ে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক।এইবাৰ টুইটাৰত পোষ্ট লিখি অস্বস্তিৰ পৰিবলগীয়া হৈছে কংগ্ৰেছ নেতাগৰাকী।উল্লেখ্য যে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ বুধবাৰে সম্পন্ন হয়।কিন্তু ভোট গ্ৰহণ আৰম্ভ হোৱাৰ পাছতেই কংগ্ৰেছ নেতাগৰাকীয়ে নিজৰ টুইটাৰ হেণ্ডেলযোগে দলৰ বাবে ভোট বিচাৰি আবেদন জনোৱাৰ অভিযোগ উত্থাপন কৰে ভাৰতীয় জনতা পাৰ্টীয়ে।নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ তুলি ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হয়।ইপিনে নেতাগৰাকীৰ এনে কাণ্ডই এতিয়া স্বাভাৱিকতে কংগ্ৰেছৰ ঊৰ্ধতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

media school
Leave A Reply

Your email address will not be published.