পাক মন্ত্ৰীৰ দাবী;পুলৱামাৰ সফলতা ইমৰাণৰ কৃতিত্ব

0 299

সুদীৰ্ঘ ২০মাহৰ পিছত অৱশেষত জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে পাকিস্তানে।প্ৰধানমন্ত্ৰী ইমৰান খান চৰকাৰৰ মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে বৃহস্পতিবাৰে সংসদত ঘোষণা কৰে যে পুলৱামাত পাকিস্তানৰ যি সফলতা সেয়া সমগ্ৰ দেশৰেই বিৰাট সফলতা।
দৰাচলতে ফাৱাদে পি এম এল এনৰ নেতা আয়াজ ছাদিকৰ এটা মন্তব্যৰ উত্তৰ দি ঘোষণা কৰে যে ভাৰতৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰি পুলৱামাত আক্ৰমণ সংঘটিত কৰাটো পাকিস্তানৰ বাবে বৃহৎ সফলতা।উল্লেখ্য যে বিগত বৰ্ষৰ ১৪ফেব্ৰুৱাৰীত পুলৱামাত সংঘটিত আক্ৰমণত চিআৰ পিএফৰ ৪৪জোৱান ছহিদ হৈছিল

media school
Leave A Reply

Your email address will not be published.