অভিশপ্ত ৩০অক্টোবৰৰ ১২ টা বছৰ ।
অসমৰ ইতিহাসৰ এটি ক’লা দিন ৩০ অক্টোবৰ ।
২০০৮ চনৰ ৩০ অক্টোবৰ দিনটোত হোৱা ধাৰাবাহিক বিস্ফোৰণে কঁপাই গৈছিল সমগ্ৰ ৰাজ্য । শ-শ লোকৰ প্ৰাণ কাঢ়ি নিয়া এই ঘটনাৰ ভয়ংকৰ স্মৃতিয়ে আজিও ভুক্তভোগীৰ পৰিয়ালৰ লগতে প্ৰতিগৰাকী লোকৰ মনত শোকৰ সৃষ্টি কৰে । এই ভয়ংকৰ বিস্ফোৰণত আহত হৈছিল প্ৰায় ৪০০ তকৈ অধিক লোক ।

২০০৮ চনৰ ৩০ অক্টোবৰত বিদ্ৰোহী সংগঠন এন ডি এফ বিয়ে মহানগৰীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰীসহ ৰাজ্যৰ কোকৰাঝাৰ, বৰপেটাৰোড, বঙাইগাঁৱত সংঘটিত কৰিছিল ধাৰাবাহিক বিস্ফোৰণ।
এই ধাৰাবাহিক বিস্ফোৰণৰ অভিযুক্ত বিদ্ৰোহী সংগঠন এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল ।
বোমা বিস্ফোৰণত নিহত সকললৈ E News NE ৰ তৰফৰ পৰা জ্ঞাপন কৰিছো অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি ।