ফ্ৰান্সৰ পিছত এইবাৰ ৰাছিয়াত,‘আল্লা হু আকবৰ’ ধ্বনি দি আৰক্ষী থানাত আক্ৰমণ চলালে সন্ত্ৰাসবাদীয়ে

0 380

ইছলামিক সন্ত্ৰাসবাদীয়ে কঁপাই তুলিছে সমগ্ৰ বিশ্ব। ফ্ৰান্সত এগৰাকী মহিলাক শিৰচ্ছেদ কৰাৰ লগতে দুজন লোকক হত্যা কৰাৰ পিছত এইবাৰ ৰাছিয়াত আৰম্ভ হৈছে সন্ত্ৰাসবাদীৰ আক্ৰমণ। ৰাছিয়াৰ তাতাৰস্তান নামৰ অঞ্চলৰ কুকমুৰ নামৰ ঠাইত শুকুৰবাৰে নিশা সন্ত্ৰাসবাদীয়ে এখন আৰক্ষী থানাত আক্ৰমণ চলায়।ৰাছিয়াৰ আগশাৰীৰ সংবাদ সংস্থা ইণ্টাৰফেক্সেত প্ৰকাশ পোৱা খবৰ অনুসৰি, আক্ৰমণ চলোৱাৰ সময়ত সন্ত্ৰাসবাদীজনৰ মুখত শুনিবলৈ পোৱা গৈছিল আল্লা হু আকবৰ ধ্বনি। লগতে আৰক্ষীৰ কাফেৰ নামেৰে সম্বোধন কৰিছিল। উল্লেখযোগ্য যে, কাফেৰ হ’ল, ইছলামৰ পৰিপন্থী শব্দ।আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যুৱকজনে হাতত চোকা অস্ত্ৰ লৈ থানাৰ ভিতৰলৈ সোমাই যায় আৰু আৰক্ষীক আক্ৰমণ কৰে। ঘটনাৰ ফলত বহু কেইজন আৰক্ষী গুৰুতৰ ভাবে আহত হয়। কিন্তু পৰিস্থিতি চম্ভালি লৈ আৰক্ষীয়ে সন্ত্ৰাসবাদীজনলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে।

media school
Leave A Reply

Your email address will not be published.