৭.০ প্ৰাৱল্যৰ ভূমিকম্পই পলকতে ধ্বংসস্তুপত পৰিণত কৰিলে গ্ৰীচ আৰু তুৰ্কীৰ বহু অঞ্চল ।

0 364

শুকুৰবাৰে এক বৃহত ভূমিকম্পই জোকাৰি গ’ল তুৰ্কী আৰু গ্ৰীচ চহৰ ।

এই ভূমিকম্পত অতিকমেও ২২ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে প্ৰায় ৭০০ তকৈ অধিক লোক আঘাতপ্ৰাপ্ত হয়।

ৰিখটাৰ স্কেলত ৭.০ প্ৰাবল্যৰ ভূমিকম্পটোৱে জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰে।

ভূমিকম্পৰ অভিকেন্দ্ৰ কাৰল’ভাছীৰ গ্ৰীক চহৰৰ পৰা ১৪ কিলোমিটাৰ নিলগত বুলি জানিব পৰা গৈছে।

তুৰ্কীৰ ইজমিৰ লগতে অন্যান্য কিছু প্ৰান্তত ভূমিকম্পৰ ফলত বহু ঘৰ আৰু সা-সম্পত্তি ক্ষতিগ্ৰস্ত হয়।

তুৰ্কীৰ চৰকাৰে উদ্ধাৰ অভিযানত দেশৰ সেনাবাহিনীক নিয়োগ কৰিছে আৰু বৰ্তমানো পূৰ্ণ গতিত এই উদ্ধাৰ অভিযান চলি আছে বুলি জানিব পৰা গৈছে।

media school
Leave A Reply

Your email address will not be published.