আমেৰিকাৰ শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙ

0 757

অসমবাসীৰ বাবে এক গৌৰৱৰ সময়। অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং কৰ্মৰাজি পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে আমেৰিকাৰ শিক্ষানুষ্ঠানত।

ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত অৰণ্য মানৱ গৰাকীৰ কৰ্মৰাজিৰ বিষয়ে “The Forrest Man Jadab Payeng” নামেৰে এটা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে।

অসমৰে জীয়ৰী নৱমী শৰ্মা নামৰ আমেৰিকাৰ এগৰাকী শিক্ষয়িত্ৰীয়ে পঢ়ুৱাই যাদৱ পায়েঙৰ পাঠ্যক্ৰমটো।

অৰণ্য মানৱ গৰাকীৰ এই স্বীকৃতিক লৈ এনেদৰ কয় –

ভাৰতৰ অৰণ্য মানৱ, ‘পদ্মশ্ৰী’ যাদৱ পায়েংদেৱৰ পৰিৱেশ সচেতনতা আৰু প্ৰকৃতিৰ সৈতে থকা আত্মীয়তাই কেৱল আমাৰ দেশৰে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনগণক উদ্বুদ্ধ কৰিছে। সুদূৰ আমেৰিকাৰ শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত তেখেতৰ বিষয়ে অন্তৰ্ভুক্ত হোৱাটোৱে প্ৰতিফলিত কৰিছে- বিশ্বজুৰি থকা তেখেতৰ সুনামৰ কথা।পায়েংদেৱৰ এই স্বীকৃতিত অসমবাসী গৌৰৱান্বিত। তেখেতৰ কৰ্মচেতনাৰে অনুপ্ৰাণিত হৈ আমি সকলোৱে পৰিৱেশ তথা জৈৱ-বৈচিত্ৰতাৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে একেলগে কাম কৰি যাব লাগিব।

media school
Leave A Reply

Your email address will not be published.