নাম সলনি কৰা হ’ল ছবি ‘লক্ষ্মী বোম্ব’ৰ, লক্ষ্মীদেৱীক অপমানৰ অভিযোগ

0 553

‘লাভ জেহাদ’ৰ বিতৰ্কত পৰিছে অক্ষয় কুমাৰ অভিনীত ছবি ‘লক্ষ্মী বোম্ব’।
ছবিখন হিন্দু ধর্মৰ আৱেগত আঘাত কৰা বুলি অভিযোগ উঠিছে।

হিন্দু সেনাই অভিযোগ কৰিছে যে, হিন্দু ধৰ্মৰ আৰাধ্য দেৱী লক্ষ্মীদেৱীৰ নামৰ লগত বোম্ব শব্দ ব্যৱহাৰ কৰি দেৱী লক্ষ্মীক অপমান কৰা হৈছে। গতিকে ছবিখন বন্ধ কৰাৰ বাবে দাবী উত্থাপন হৈছে সংগঠনটোৰ পৰা ।

উক্ত প্ৰসংগটো লৈ জনপ্ৰিয় অভিনেতা মুকেশ খান্নায়ো আপত্তি ব্যক্ত কৰিছে ।

এনে পৰিস্থিতিত বাবেই সলনি কৰা হ’ল ছবিখনৰ নাম দিয়া হ’ল লক্ষ্মী। ইতিমধ্যে দৰ্শকৰ মাজত বহুল জনপ্ৰিয়তা অৰ্জন কৰা ছবিখনে মুক্তি লাভ কৰিব ৯ নৱেম্বৰত।

ৰাঘৱ লৰেঞ্চ পৰিচালিত ‘লক্ষ্মী বোম্ব’ ছবিখন দাক্ষিণৰ ছবি ‘’কাঞ্চনা’ৰ ৰিমেক।

ছবিখনৰ নাম সলনি কৰিছে যদিও দৰ্শকৰ বিপুল সঁহাৰি আশা কৰিছে পৰিচালক লৰেঞ্চে।

media school
Leave A Reply

Your email address will not be published.