ক্ষান্ত হোৱা নাই ফ্ৰান্স;এইবাৰ লিয়োন চহৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ

0 295

সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত ক্ৰমাত অশান্ত হৈ পৰিছে ফ্ৰান্স।বিগত কিছুদিন পূৰ্বে ফ্ৰান্সৰ এটা মছজিদত একাংশ দুষ্কৃতিকাৰীয়ে অমানৱীয় হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতেই শনিবাৰে পুনৰ কোনো অচিনাক্ত দুৰ্বৃত্তই লিয়োন চহৰৰ এজন খ্ৰীষ্টান যাজকক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে।ফ্ৰান্স আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আহত যাজকজনক অত্যন্ত সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে।আনহাতে এই ঘটনা সংঘটিত কৰা দুৰ্বৃত্তগৰাকীক আৰক্ষীয়ে কৰায়ত্ত কৰে।ইতিমধ্যে গীৰ্জাটোৰ লগতে কাষৰীয়া অঞ্চলটো বন্ধ ৰখা হৈছে।

media school
Leave A Reply

Your email address will not be published.