ছচিয়েল মিডিয়াত তৰুণ গগৈৰ মৃত্যুৰ ভুৱা বাতৰি!প্ৰকৃততে কেনে আছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ স্বাস্থ্য

0 322

ভেণ্টিলেচনত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বৰ্তমানেও তেওঁ এন আই ভি অৰ্থাৎ Non-invasive ventilation (NIV)ত আছে। গুৱাহাটী মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে, পুৱাৰ পৰা গগৈৰ স্বাস্থ্য যথেষ্ট সুস্থিৰ যদিও এতিয়াও তেওঁ সংকটমুক্ত নহয়। শৰীৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ (১৪০) যথেষ্ট বাঢ়ি যোৱাৰ কাৰণে আৰু শৰীৰৰ পৰা কাৰ্বন ডাই অক্সাইড ওলাই নোযোৱাৰ কাৰণে তেওঁ কিছু অস্থিৰ হৈ পৰাৰ লগতে ভ্ৰম বকিছিল বুলি প্ৰকাশ কৰা হৈছে।নিশা হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ কাৰণে তেওঁক জিএমচিএইচৰ আইচিইউত ভৰ্তি কৰোৱা হয়। বৰ্তমান গগৈৰ শৰীৰত অক্সিজেন লেভেলত ৯৬/৯৮ শতাংশলৈ বঢ়াৰ লগতে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ ৭০লৈ নামিছে। সংবাদমেলত জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই প্ৰকাশ কৰে। আনহাতে তৰুণ গগৈৰ মৃত্যুৰ বাতৰি ছচিয়েল মিডিয়াত ভুৱা অপপ্ৰচাৰ চলোৱা কাৰ্যকো দুখঃজনক আখ্যা দিয়ে অধীক্ষকগৰাকীয়ে।আবেলিলৈকে গগৈৰ স্বাস্থ্যৰ কিছু উন্নতি হোৱাৰ লগতে অধীক্ষকৰ সৈতে তেওঁ কথা পতা বুলি কোৱা হৈছে।লৰাইছে বুলিও কোৱা হৈছে।উল্লেখ্য যে, যোৱা ৩১ আগষ্টত স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ পিছত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। কোৰোণাত আক্ৰান্ত হোৱাৰ পৰা যোৱা ২৫ অক্টোবৰত দীঘলীয়া চিকিৎসাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হৈছিল।

Leave A Reply

Your email address will not be published.