মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অৰ্ণৱ গোস্বামীক

0 396

আলিবাগ আৰক্ষীয়ে বুধবাৰে পুৱাই বাসগৃহৰ পৰা অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰে। ২০১৮ চনৰ এক আত্মহত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰে ৰিপাব্লিক টিভিৰ সম্পাদক অৰ্ণৱ গোস্বামীক। মহাৰাষ্ট্ৰ চি আই ডিয়ে ২০১৮ চনত ইন্টেৰিয়ৰ ডিজাইনাৰ আনভাই নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকক আত্মহত্যাৰ কৰিবলৈ উচতনি দিয়াৰ গোচৰত গ্ৰেপ্তাৰ কৰে অৰ্ণৱক।
উল্লেখ্য যে, ২০২০ চনৰ মে’ মাহত এই আত্মহত্যা ঘটনাৰ চিআইডি তদন্তৰ ঘোষণা কৰিছিল মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে। উল্লেখ্য যে, ২০১৮ চনৰ মে ৫৩ বছৰীয়া ইন্টেৰিয়ৰ ডিজাইনাৰ আনভাই নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকে আত্মহত্যা কৰে। মৃত্যুৰ পূৰ্বে আনভাই নাইকে লিখা এটা টোকা পোৱা গৈছিল। য’ত নাইকে লিখিছিল যে গোস্বামী আৰু আন দুজনে তেওঁক ৫.৪০ কোটি টকা পৰিশোধ কৰা নাই। যাৰ ফলত তেওঁৰ বিত্তীয় সংকটত পৰিছিল।যাৰ বাবে বুধবাৰে মুম্বাই আৰক্ষীয়ে গোস্বামীক ৩০৬ জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰে।

media school
Leave A Reply

Your email address will not be published.