বিতৰ্কৰ আৱৰ্তত জুনিয়ৰ ট্ৰাম্প; টুইটাৰত কাশ্মীৰক দেখুৱালে পাকিস্তানৰ অংশ

0 230

তীব্ৰ প্ৰতিদ্বন্দিতাৰ মাজত অব্যাহত আছে মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰৱৰ্তী কুজ-কাৱাজ।তাৰ মাজতে জুনিয়ৰ ট্ৰাম্পৰ এটা বিশেষ টুইটাৰ পোষ্টে বেছ বিতৰ্কৰ সৃষ্টি কৰিছে।ড’নাল্ড ট্ৰাম্প জুনিয়ৰে এখন বিতৰ্কিত মানচিত্ৰ টুইট কৰে, যাক লৈ আৰম্ভ হয় বিতৰ্ক।এই টুইটত জুনিয়ৰ ট্ৰাম্পে ভাৰতক ড’নাল্ড ট্ৰাম্পৰ বিৰোধী আৰু জ’ বাইডেনৰ সমৰ্থক বুলি দেখুৱায়। আনকি তাতে ক্ষান্ত নাথাকি তেওঁ ভাৰতৰ কাশ্মীৰক পাকিস্তানৰ অংশ বুলি উল্লেখ কৰে।আনহাতে,জুনিয়ৰ ট্ৰাম্পৰ এই টুইটাৰ পোষ্টক লৈ ভাৰতৰ টুইটাৰ ব্যৱহাৰকাৰী সকলে ক্ষোভ প্ৰকাশ কৰে।উল্লেখ্য যে,ট্ৰাম্প চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতেই দুই দেশৰ মাজৰ সম্পৰ্কত গভীৰ ফাট মেলিছিল।তেনেস্থলত ট্ৰাম্পৰ পুত্ৰই পাকিস্তানক ট্ৰাম্পৰ সমৰ্থক বুলি দেখুওৱা কাৰ্যই এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে।

media school
Leave A Reply

Your email address will not be published.