ভোটগণনাৰ মাজতে ক্ষোভত ফাটি পৰিল ট্ৰাম্প;ন্যায়ালয়ৰ দ্বাৰস্থ–

0 351

বিতৰ্ক-তীব্ৰ প্ৰতিদ্বন্দিতাৰ মাজেৰে অব্যাহত আছে মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটগণনা প্ৰক্ৰিয়া।এই পৰ্যন্ত মাৰ্কিন ৰাষ্ট্ৰপতিৰ দুই দাবীদাৰ ড’নাল্ড ট্ৰাম্পে ২১৪খন আসন লাভ কৰাৰ বিপৰীতে আৰু জ’ বাইডেনে ২৬৪খন আসন লাভেৰে আগবাঢ়ি আছে।কিন্তু তাৰ মাজতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ড’নাল্ড ট্ৰাম্প।ন্যায়ালয়ৰ দ্বাৰস্থ হৈ ট্ৰাম্পৰ প্ৰচাৰ দলৰ সদস্যই ভোটগণনা প্ৰক্ৰিয়া বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ক আপিল কৰে।ট্ৰাম্পে দাবী কৰা অনুসৰি ভোটগণনা প্ৰক্ৰিয়াত ডাঙৰ বেমেজালি কৰা হৈছে। আনকি মেল ইন বেলটক ডাঙৰ কেলেংকাৰী বুলিও আখ্যা দিছে ট্ৰাম্পে।আনহাতে,নিৰ্বাচনৰ পাছত হিংসাত্মক পৰিস্থিতৰ আশংকা কৰি দেশখনত নিৰাপত্তা ব্যৱস্থা অধিক মজবুত কৰি তোলা হৈছে।

media school
Leave A Reply

Your email address will not be published.