সাংবাদিক অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত ‘জা’ আৰু ‘এনইউজেআই’

0 287

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা আৰু তেওঁৰ পৰিয়ালক শাৰীৰিকভাৱে অপদস্থ কৰাৰ ঘটনাক ৰহস্যজনক আখ্যা জাৰ্ণেলিষ্ট এছ’চিয়েছন অব্ আছাম ‘জা’ আৰু নেছনেল ইউনিয়ন অব জাৰ্ণেলিষ্ট ইণ্ডিয়া, (এনইউজেআই)ৰ।কংগ্ৰেছ আৰু শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে আক্ৰোশমূলকভাৱে গোস্বামীক গ্ৰেপ্তাৰ কৰা কাৰ্য গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ বুলি আখ্যা দিয়ে সংগঠন দুুুটাই।এই  ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি ‘জা’ৰ সভাপতি ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী,মুুখ্য উপদেষ্টা তথা  এনইউজেআইৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ভূপেন গোস্বামী,সাধাৰণ সম্পাদক ডালিম ফুকনে কয়-“শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰৰ স্বৰূপ লজ্জাজনকভাৱে উদঙাই দিছে গোস্বামীয়ে।তাৰে প্ৰতিশোধ লৈছে।” সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰাৰ এনে চক্ৰান্তত জড়িত থকা আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে গোস্বামীক বিনা চৰ্ত্তে মুকলি কৰি দিয়াৰ আহ্বান জনাই সংস্থা দুটাই।

media school
Leave A Reply

Your email address will not be published.