‘চিল ডনাল্ড চিল!’১১ মাহৰ অন্তত ড’নাল্ড ট্ৰাম্পক উচিত প্ৰত্যুত্তৰ দিলে গ্ৰেটা থুনবাৰ্গে

0 276

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনাৰ মাজতে ঘটিছে এটা মজাৰ ঘটনা। এগৰাকী ১৭ বছৰীয়া যুৱতী তথা ছুইডেনৰ বিশ্ব পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গে ড’নাল্ড ট্ৰাম্পক ট্ৰাম্পৰে এটা মন্তব্যৰে কৰিছে টুইট। পেৰিছ জলবায়ু চুক্তিৰ পৰা আঁতৰি অহা তথা বিশ্ব পৰিৱেশক লৈ উদাসীন আমেৰিকাক লৈ ক্ষুব্ধ পৰিৱেশ কৰ্মী গ্ৰেটাই তদানীন্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সমালোচনা কৰিছিল তেওঁৰ স্থিতিৰ বাবে।২০১৯ৰ ১২ ডিচেম্বৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে গ্ৰেটাক লক্ষ্য কৰি দিছিল এটা পোষ্ট। এতিয়া সেই একেটা পোষ্টেই ট্ৰাম্পলৈ কৰিছে গ্ৰেটাই। ১১ মাহ অপেক্ষাৰ অন্তত গ্ৰেটাই কৰা পোষ্টে মনোৰঞ্জনৰ খোৰাক দিছে সকলোকে।আমেৰিকাৰ নিৰ্বাচনৰ ভোটগণনাৰ সময়ত ভোট চুৰি তথা আন অভিযোগক লৈ ড’নাল্ড ট্ৰাম্পে টুইটত কৈছিল- STOP THE COUNT।

ইয়াৰ পিছত গ্ৰেটাই ট্ৰাম্পক লক্ষ্য কৰি লিখিলে- ‘ইমান হাস্যকৰ, ড’নাল্ডে নিজৰ এংগাৰ মেনেজমেণ্ট সমস্যাক লৈ কাম কৰা উচিত। তেওঁ বন্ধুৰ লগত পুৰণি ছবি চোৱা উচিত, চিল ডনাল্ড চিল!’

media school
Leave A Reply

Your email address will not be published.