নিৰ্বাচনী ব্যস্ততাৰ মাজতে আমেৰিকাত ক’ৰোনাৰ মহাবিস্ফোৰণ; এদিনতে ১লক্ষাধিক আক্ৰান্ত

0 310

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে কোভিড-১৯ এ আমেৰিকা যুক্তৰাষ্ট্ৰত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু ভোট গণনাৰ মাজতে ক’ৰোনাৰ গণ সংক্ৰমণে এতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰত মহাবিস্ফোৰণ ঘটাইছে।প্ৰথমবাৰৰ বাবে আমেৰিকাত এদিনতে এক লাখৰো অধিক লোক ক’ৰোনাতত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে।প্ৰকাশিত তথ্য অনুসৰি,মঙলবাৰে মংগলবাৰৰ দিনটোত আমেৰিকাত প্ৰায় ১,০৪,০০০লোক আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় ১,১৩০জন লোকৰ মৃত্যু হয়।আমেৰিকাত ক’ৰোনাৰ ত্ৰাস বৃদ্ধি পোৱাৰ পাছতেই সৰহ সংখ্যক লোকে পোষ্টেল বেলটৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰে যদিও মংগলবাৰৰ দিনটোত লাখ লাখ লোকে ভোটকেন্দ্ৰত ভোটদান কৰে।আনহাতে, ক’ৰোনাৰ ত্ৰাসৰ মাজতে বিভিন্ন স্থানত বৃহৎ নিৰ্বাচনী সভা অনুষ্ঠিত হোৱা বাবেই আমেৰিকাত ক’ৰনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা বুলি বিশেষজ্ঞসকলে দাবী কৰিছে।উল্লেখ্য যে, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰায় সোতৰখন দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

media school
Leave A Reply

Your email address will not be published.