মধ্যপ্ৰদেশ চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত;ট্ৰেন্সজেণ্ডাৰে পাব——–

0 292

ট্ৰেন্সজেণ্ডাৰ অৰ্থ্যাৎ তৃতীয় লিংগৰ ব্যক্তিসকলৰ সন্দৰ্ভত মধ্যপ্ৰদেশ চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।অচিৰেই তৃতীয় লিংগৰ ব্যক্তিসকলে লাভ কৰিব পৈতৃক সম্পত্তিৰ অধিকাৰ।ইয়াৰোপৰি তৃতীয় লিংগৰ ব্যক্তিসকলৰ মাজত গণ বিবাহৰ ব্যৱস্থা কৰা,পৈতৃক সম্পত্তি লাভ কৰাৰ ক্ষেত্ৰত আইনী সাহায্য আগবঢ়োৱাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণৰ দিশে আগবাঢ়িছে।আনহাতে যিসকল লোকে তৃতীয় লিংগৰ লোকসকলক অপমানসূচক নামেৰে ইতিকিং কৰে অথবা তেওঁলোকৰ অধিকাৰ খৰ্ব কৰিবলৈ চেষ্টা কৰে সেইসকল লোকৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব মধ্যপ্ৰদেশ চৰকাৰে।ইয়াৰোপৰি নৱেম্বৰৰ শেষত ৰাজ্যখনৰ তৃতীয় লিংগৰ লোকসকলৰ বাবে চৰকাৰী পেঞ্চনৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মধ্যপ্ৰদেশ চৰকাৰে।

media school
Leave A Reply

Your email address will not be published.