শুকুৰবাৰে গুৱাহাটী HCয়ে গ্ৰহণ কৰিলে অখিল গগৈৰ জামিনৰ শুনানি

0 145

শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰৰে গঠিত খণ্ড বিচাৰপীঠে অখিল গগৈৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে। দিল্লীৰ পৰা উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা হুজেফা এহমদীয়ে অখিল গগৈক প্ৰতিনিধিত্ব কৰি প্ৰায় তিনি ঘণ্টা যুক্তি-তৰ্ক প্রদান কৰে। তেওঁৰ আজিৰ উপস্থাপনৰ পাছত উচ্চ ন্যায়ালয়ে অহা ১৯ নৱেম্বৰত চূড়ান্ত শুনানিৰ দিন ধার্য কৰে।উল্লেখযোগ্য যে, জেষ্ঠ অধিবক্তা এহমদীয়ে যুক্তি আগবঢ়াই কয় – ‘দুজন মূল সাক্ষীৰ সাক্ষ্য যাৰ ভিত্তিত অখিল গগৈৰ বিৰুদ্ধে ‘Unlawful Activities Prevention Act’ৰ অধীনত অভিযোগনামা দাখিল কৰা হৈছে সেয়া পৰ্যাপ্ত নহয়। তদন্তকাৰী সন্থাই পৰিচয় গোপনে ৰখা সাক্ষী দুজনৰ ভাষ্যত থকা তথ্য ভিত্তিক কিছু ভুলো আঙুলিয়াই দিয়ে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। আনহাতে অখিলৰ পৰা তদন্তকাৰী সন্থাই উদ্ধাৰ কৰি অনা মাৰ্ক্সবাদৰ বিষয়ে বিৱৰণ থকা গ্ৰন্থ সমূহ বজাৰত উপলব্ধ আৰু চৰকাৰে এই সমূহ নিষিদ্ধ কৰা নাই বুলিও যুক্তি দৰ্শাই অধিবক্তাগৰাকীয়ে। CAA বিৰোধী আন্দোলনত কেৱল অখিল গগৈৰ সংগঠনেই নহয়; সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠন জড়িত থকাৰ দোহাই দি এহমদীয়ে অখিলে নিজৰ ভাষণত গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আন্দোলনৰ আহ্বানহে জনাইছিল বুলি কয়। অভিযোগনামাত এই কথা স্পষ্টকৈ উল্লেখ আছে বুলি জানিবলৈ দিয়ে তেওঁ ।

media school
Leave A Reply

Your email address will not be published.