সমাগত দেৱালী;১৮ৰাজ্যত বন্ধ আতচবাজী
পোহৰৰ উৎসৱ দেৱালী সমাগত।কিন্তু এইবাৰ দেৱালী উপলক্ষে দেশৰ ১৮খন ৰাজ্যত আতচবাজী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে।দেশত দ্ৰুতগতিত বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ বাবে আতচবাজীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ কেইবাটাও সংগঠন-সংস্থাই ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক আবেদন জনাইছিল।এই আবেদনৰ শুনানি গ্ৰহণ কৰিয়েই ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ১৮খন ৰাজ্যত আতচবাজী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে।দিল্লী,হাৰিয়ানা,অসম,বিহাৰ, মহাৰাষ্ট্ৰকে ধৰি আন বহুকেইখন ৰাজ্যলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে।