স্নায়ুৰোগত আক্ৰান্ত পুটিন; ত্যাগ কৰিব পাৰে ৰাষ্ট্ৰপতি পদ

0 496

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ত্যাগ কৰিব পাৰে ৰাষ্ট্ৰপতিৰ পদ। অহা বছৰৰ জানুৱাৰী মাহতেই পুটিনে পদ ত্যাগ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৰাছিয়াৰ বিভিন্ন সংবাদ মাধ্যমে। জানিব পৰা মতে, পাৰ্কিনছন ৰোগত ভোগাৰ আশংকাতে ৰাষ্ট্ৰপতিগৰাকীয়ে ত্যাগ কৰিব পাৰে ৰাষ্ট্ৰপতিৰ পদ। তেওঁ সম্প্ৰতি ভুগি থকা নাৰ্ভজনিত ৰোগৰ কাৰণ পাৰ্কিনছন বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।নাৰ্ভজনিত ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতিগৰাকীৰ দুই জীয়াৰী আৰু বান্ধৱীৰ তীব্ৰ অনুৰোধ মৰ্মে তেওঁ অৱসৰ ল’ব পাৰে ৰাষ্ট্ৰপতি পদৰ পৰা। এটা ভিডিঅ’তো দেখা গৈছিল যে পুটিনে কলম ধৰোঁতে হাত কঁপাৰ লগতে ভৰিৰো ভাৰসাম্য ব্যাহত হৈছে। এতিয়া পুটিনৰ পদত্যাগৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি কোন হ’ব তাকে লৈ চিন্তিত হৈছে ৰাষ্ট্ৰখন। কিয়নো ৰাছিয়াই পুটিনৰ দৰে এগৰাকী শক্তিশালী ব্যক্তিত্বৰ নেতা বিচাৰি পোৱাটো কিছু কঠিন হ’ব পাৰে।

media school
Leave A Reply

Your email address will not be published.