ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱেএ উৎক্ষেপণ কৰিব বৃহৎ ৰকেট পিএছএলভি-চি৪৯।এই ৰকেটটোত থাকিব ৰাডাৰ ইমেজিং কৃত্ৰিম উপগ্ৰহ আৰু অন্য ৯টা বিদেশী ছেটেলাইট।ইতিমধ্যে ২০২০চনৰ প্ৰথমটো ৰকেট উৎক্ষেপণৰ কাউণ্ট ডাউন আৰম্ভ হৈছে।আজি বিয়লি ৩বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপন হ’ব PSLV-C49।এই তথ্য সদৰি কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই । উল্লেখ্য যে ইয়াৰ পূৰ্বে বৰ্ষটোত কোনোধৰনৰ মহাকাশ অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰা নাছিল ইছৰোৱে।