অৰুণাচলত এনএছচিএন উগ্রপন্থীৰ এম্বুশ্ব; নিহত সেনা জোৱান—–

0 243

অৰুণাচল প্রদেশৰ চাংলা জিলাৰ নামপং টেংমৌ হাটলং গাঁৱত দেওবাৰে ভাৰতীয় সেনাৰ বিৰুদ্ধে সংঘটিত হয় এক ভয়ংকৰ এম্বুশ্ব৷ সেনাবাহিনীৰ এখন পানী টেংকাৰৰ ওপৰত কৰা এই এম্বুশ্বত ১৯নং আছাম ৰাইফলছৰ এজন সেনা জোৱান নিহত হোৱাৰ লগতে আন এজন সেনা জোৱান গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় বুলি তথ্য পোৱা গৈছে৷প্রথমে পথত পুতি ৰখা এটা শক্তিশালী আই ডি বিস্ফোৰণ কৰি লগে লগে এন এছ চি এন (কে) উগ্রপন্থীৰ ২০জনীয়া এটা দলে সেনাৰ পানীৰ টেংকাৰখনলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবর্ষণ কৰাৰ উপৰি আৰ পি জি বিস্ফোৰণ কৰে৷ এই এম্বুশ্বত অসম ৰাইফলছৰ জোৱান বীৰেন্দৰ সিং নিহত হোৱাৰ লগতে নৰেন্দ্র দেৱ ভট্ট নামৰ আন এজন জোৱান গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷ আঘাতপ্রাপ্ত সেনা জোৱানজনক ইতিমধ্যে সেনাৰ চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে৷ইতিমধ্যেই সেনাই অঞ্চলটোত উগ্রপন্থীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷ সেনাৰ বিৰুদ্ধে এম্বুশ্বৰ ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

media school
Leave A Reply

Your email address will not be published.